অসম

প্ৰসংগ- শিশু নিৰ্যাতন: আটক ডা: সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা উৎপলা বসু...

Asomiya Pratidin

ডিজিটেল ডেস্ক : এজন এজন কৈ আৰক্ষীৰ জিম্মাত শিশু নিৰ্যাতনৰে জড়িত ব্যক্তি। এইবাৰ আৰক্ষীৰ জিম্মাত শিশু নিৰ্যাতনৰ অপৰাধত আটক ডা: সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা। আটকাধীন ব্যক্তিগত সহায়িকা গৰাৰী হ'ল উৎপলা বসু।

বিগত তিনি দিন ধৰি পশ্চিমবংগত আত্মগোপন কৰি আছিল উৎপলা বসুৱে। উৎপলা বসুৰ বিৰুদ্ধে আছে শিশু যোগান ধৰাৰ অভিযোগ। সংগীতা দত্তক শিশু যোগান ধৰাৰ অভিযোগ উৎপলা বসুৰ বিৰুদ্ধে।

এইগৰাকী উৎপলা বসুয়ে সংগীতা দত্তক গ্রেপ্তাৰৰ পিছতে পলায়ন কৰিছিল। আৰু ইয়াৰ পিছতেই শুকুৰবাৰে নিশা পল্টন বজাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে উৎপলা বসুয়ে। বৰ্তমান পল্টন বজাৰ আৰক্ষী থানাৰ পৰা পাণবজাৰ মহিলা আৰক্ষী থানালৈ প্ৰেৰণ কৰা হয় উৎপলা বসুক। উল্লেখ্য যে, উৎপলা বসুক আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সোধাপোছা কৰিছে। সোধাপোছাৰ অন্তত দোষী সাব্যস্ত হ'লে গ্ৰেপ্তাৰ কৰা হ'ব উৎপলা বসুক ।