অসম

গোলাঘাটত সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ প্ৰতিস্থা দিৱসৰ আয়োজন

asomiyapratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ এখনি গুৰুত্বপূৰ্ণ সভা গমাৰীৰ আদৰ্শ গমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত গোলাঘাট জিলা সমিতি সুৰক্ষা মঞ্চৰ সভাপতি প্ৰবীন কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়। ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিচিত্ৰ গোস্বামীয়ে উদ্দেশ্য বাখ্যা কৰা সভাই অহা নৱেম্বৰ মাহৰ ১৬ আৰু ১৭ তাৰিখে গোলাঘাটত দুদিনীয়া কাৰ্যসূচীৰে সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় প্ৰতিস্থা দিৱস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই উপলক্ষে প্ৰবীন কুমাৰ দাসক সভাপতি, জিতুৰঞ্জন গোহাঁইক কাৰ্যকৰী সভাপতি, অলক জ্যোতি শ‌ইকীয়া আৰু মৃদুল হাজৰিকাক যুটীয়া সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়।উল্লেখ্য যে, গমাৰী অঞ্চলৰ সাংবাদিকৰ আতিথ্যত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহ সভাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।