অসম

এজনো খিলঞ্জীয়া জনজাতীয় প্ৰতিনিধি নাই সাংবিধানিক ৰক্ষাকৱচ কমিটীতঃ প্রতিক্রিয়া খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালৰ ভাৰত চৰকাৰে গঠন কৰা সাংবিধানিক ৰক্ষাকৱচ কমিটীত এজনো খিলঞ্জীয়া জনজাতীয় প্ৰতিনিধি অন্তর্ভুক্ত নকৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমে। ভাৰত চৰকাৰৰ সাংবিধানিক ৰক্ষা কৱচত এজনো জনজাতীয় প্ৰতিনিধি অন্তৰ্ভূক্ত নকৰাটো ভাৰত চৰকাৰৰ অসমৰ খিলঞ্জীয়া জনজাতীয় লোকৰ প্ৰতি কৰা অবহেলা আৰু অৱজ্ঞা বুলি মন্তব্য কৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমে।

ইফালে, এই সন্দৰ্ভত অহা ২৭ আৰু ২৮ জুলাই, ২০১৯ত ডিমা হাছাও জিলাৰ হাফলঙত অনুষ্ঠিত হ'বলগীয়া খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ চতুৰ্থ সংখ্যক অভিৱৰ্তনত বিস্তৃতভাবে আলোচনা কৰি সিদ্ধান্ত ঘোষণা কৰা হব বুলিও সদৰি কৰে সংগঠনটোৰ সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰীয়ে।