অসম

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিত বৰ্তমান সময়ত প্ৰতিদিনে হাতী-মানুহৰ সংঘাত দেখিবলৈ পোৱা গৈছে। চামগুৰিত ক্ৰমাৎ তীব্ৰতৰ হৈছে হাতী-মানুহৰ সংঘাত। বন্যহস্তীয়ে ঢাহি-মুহি নিছে এফালৰ পৰা সকলো। বন্যহস্তীৰ অত্যাধিক উপদ্ৰৱৰ প্ৰতি লক্ষ্য ৰাখি চামগুৰিত পুনৰ চলিল বন বিভাগৰ দ্বিতীয়টো ব্যাপক হাতী খেদা অভিযান।

বিগত দুই সপ্তাহ ধৰি চামগুৰিৰ বিভিন্ন স্থানত উপদ্ৰৱ চলাই থকা চাৰিজনীয়া বন্যহস্তীৰ জাকটো বুধবাৰেও তিনি মান বজাৰ পৰা বন বিভাগে মাজনিশা পৰ্য্যন্ত কুৰুৱাবাহীৰ পৰা আৰম্ভ কৰি, হাঁহচৰা বৰালী গাঁও, গেন্ধালি, ভৰাগুৰি হৈ কাৰ্বি পাহাৰৰ দিশে খেদি পঠিওৱাৰ চেষ্টা কৰা দেখা যায়।

নগাঁও জিলাৰ শালনা ৰেঞ্জ আৰু সদৰ ৰেঞ্জে যুটীয়াভাৱে চলোৱা এই দ্বিতীয়টো অভিযানত নিয়োজিত প্ৰায় বিশজন বন বিষয়া-কৰ্মীয়ে গুলী আৰু ফটকা ফুটাই খোজকাঢ়ি হাতীৰ জাকটো যথেষ্ট চেষ্টাৰ অন্তত বহু দুৰ খেদি পঠিয়াবলৈ সক্ষম হয় যদিও জাকটো পুনৰ উভতি অহাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।