অসম

এটা বাকচ, য’ত টকা থ’লে হৈ যায় দুগুণ! প্ৰকৃত ৰহস্য কি…

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কৱলত পৰি ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন ভয়াৱহ ঘটনা সংঘটিত হৈ অহাৰ সময়তে দুই ভণ্ড বেজৰ ভণ্ডামিৰ বাবে চামগুৰিৰ ৪নং ভূৰবন্ধাত দুই বেজক আবদ্ধ কৰিলে স্থানীয় ৰাইজে। দুই ভণ্ড বেজে তেওঁলোকে লগত অনা এটা বাকচত টকা থলে টকাৰ পৰিমাণ দুগুণলৈ বৃদ্ধি হয় বুলি প্ৰলোভন দি দীৰ্ঘদিন ধৰি দুই ভণ্ড বেজে ঠগি আহিছিল চামগুৰিৰ ভুৰবন্ধাৰ ৰাইজক।

উল্লেখ্য যে, ৰাইজে কৰায়ত্ব কৰা ধৃত বেজ দুটা হ'ল জুৰীয়া কালিয়াদিঙাৰ ফৈজুল হক আৰু চামগুৰি চালপাৰাৰ আবুল বাছাৰ। দুয়ো ধৃত বেজে দীৰ্ঘদিন ধৰি অঞ্চলটোত ভণ্ডামিৰে কেইবালাখ টকা লুটি নিছে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ কৰিছে।