অসম

চামগুৰিৰ বৰমাবিলত এগৰাকী মহিলা সন্ধানহীন…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ বৰমাবিলত এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।চামগুৰিৰ বৰমাবিলৰ পৰা সন্ধানহীন হোৱা মহিলাগৰাকীৰ নাম জেচমিনা খাতুন বুলি জানিব পৰা হৈছে ।

উল্লেখ্য যে ৫বছৰ পূৰ্বে চামগুৰিৰ গেৰুৱামুখৰ জেচমিনা খাতুন নামৰ মহিলাগৰাকীৰ চামগুৰিৰ বৰমাবিলৰ নজৰুল ইছলামৰ ইছলামৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ।যোৱা ৬ আগষ্টৰ পৰা সন্ধানহীন হৈ থকা মহিলাগৰাকীক মাতৃ গৃহৰ লোকে বিভিন্ন স্থানত বিচাৰি কোনো সম্ভেদ নোপোৱাত অৱশেষত ঘটনা সন্দৰ্ভত জেচমিনা খাতুনৰ আত্মীয়ই চামগুৰি থানাত এটা গোচৰ ৰুজু কৰিছে।

উক্ত গোচৰৰ ভিত্তিত ইতিমধ্য চামগুৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমান পৰ্যন্ত কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।