অসম

চামগুৰিৰ লাওখোৱাত ভয়ংকৰ বান পৰিস্থিতি, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ সমগ্ৰ ৰাজ্যত লগতে চামগুৰি লাওখোৱাত সৃষ্টি হৈছে ভয়ংকৰ বান।চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪নং ভগামুখৰ ৰাইজ এতিয়া সম্পূৰ্ণৰূপে পৰিছে বানৰ কৱলত। ৪নং ভগামুখত থকা ২নং ভগামুখ প্ৰাথমিক বিদ্যালয়খন বানৰ কৱলত পৰাৰ লগতে ভগামুখৰ ৩০০০ৰো অধিক লোক এতিয়া জলমগ্ন হৈ পৰিছে।

মহাবাহু ব্ৰহ্মপুত্ৰ ফেনে ফোটোকাৰে বাঢ়ি অহাৰ ফলতেই সৃষ্টি হৈছে এই ভয়ংকৰ বান পৰিস্থিতি। দুদিন ধৰি চামগুৰিৰ ভগামুখত বান পৰিস্থিতি অব্যাহত আছে যদিও বৰ্তমান পৰ্যন্ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহসমষ্টিৰ নিচেই কাষৰীয়া অঞ্চলটোত উপস্থিত হোৱা নাই জলসম্পদ বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী।

ইয়াৰ ফলত সম্পূৰ্ণৰূপে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত এতিয়া জীৱন যাপন কৰিবলগীয়া হৈছে স্থানীয় গঞাই। আনহাতে নাৱেৰে একাংশ লোকে নিৰাপদস্থানলৈ আতঁৰি গৈছে।