অসম

চামগুৰিৰ আমবাগানত বিধ্বংসী অগ্নিকাণ্ড…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱা ধাৰাবাহিকভাৱে দ্বিতীয়টো ঘটনা দেওবাৰে পুৱাই সংঘটিত হয় । শুক্ৰবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত চামগুৰিৰ মোৱামাৰি দৈনিক বজাৰৰ দহ খনকৈ দোকান ভষ্মীভূত হৈ প্ৰায় বিশ লক্ষাধিক টকাৰ সামগ্ৰী বিনষ্ট হোৱাৰ পিছত দেওবাৰে পুৱা পুনৰ চামগুৰিৰ আমবাগান দৈনিক বজাৰতো সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ।

ফলত হাহাকাৰ লাগিল সমগ্ৰ অঞ্চলটোৰ ব্যৱসায়ী আৰু স্থানীয় ৰাইজৰ মাজত। ভয়ংকৰ অগ্নিকাণ্ডটোৰ ফলত জুইত সম্পূৰ্ণৰূপে ভষ্মীভূত হ'ল প্ৰায় দহ খনকৈ দোকান। জুইত জাহ গ'ল আনুমানিক ত্ৰিশ লক্ষাধিক টকাৰ সা-সমগ্ৰী।

অতি কম সময়ৰ ভিতৰতে জুইৰ লেলীহান শিখা বিয়পিলে আন বহু কেইখন দোকানলৈও। বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ বাবেই এখন জোতাৰ দোকানৰ পৰা পোনপ্ৰথমে জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।

অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ সহযোগত স্থানীয় ৰাইজে জুই নিৰ্বাপিত কৰাৰ চেষ্টা চলাইছিল যদিও বহু সময় ধৰি সেই ভয়ংকৰ জুইকুৰা সম্পূৰ্ণৰূপে নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাছিল।