অসম

পুৰণিগুদাম জলাহ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ, বন বিভাগৰ নিৰ্লিপ্ততাৰ অভিযোগ স্থানীয় ৰাইজৰ…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদাম জলাহ গাঁৱত শুকুৰবাৰে নিশা বন্যহস্তীৰ এটা জাকে তীব্ৰ উপদ্ৰব চলায় ।প্ৰতিনিশাই কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে চামগুৰি,পুৰণিগুদাম,বঢ়মপুৰৰ বিভিন্ন অঞ্চলত উপদ্ৰব চলাই অহাৰ সমান্তৰাল ভাৱে যোৱা নিশা বন্যহস্তীৰ এটা জাকে জলাহ গাঁৱত প্ৰৱেশ কৰে ।

নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ নিলিপ্ততাৰ বাবেই হাতীৰ জাকটোৱে গাঁও খনত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে ।বছৰ বছৰ ধৰি হাতী-মানুহৰ সংঘাতে জৰ্জৰিত অঞ্চলৰূপে পৰিচিত জলাহগাৱঁত হাতীৰ জাকটোৱে পূৰ্বৰ বছৰ সমূহৰ দৰে ৰাতুল শইকীয়া নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি বস্তায়ে বস্তায়ে ধান খাই তহিলং কৰে ।

কিন্তু নিদ্ৰামগ্ন ৰাজ্যৰ বিয়াগোম বন বিভাগ ।প্ৰতিবছৰে ৰাতুল শইকীয়া নামৰ লোকজনৰ বাসগৃহৰ লগতে বিভিন্ন আচ-বাব পত্ৰ বন্যহস্তীয়ে তহিলং কৰি আহিছে যদিও আজিকোপতি বন বিভাগৰ তৰফৰ লাভ কৰা নাই কোনো ক্ষতিপূৰণ ।

আনহাতে নিশাৰ ভাগত ঘটনাস্থলীত নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এজনো বনকৰ্মী উপস্থিত নোহোৱা ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ।উল্লেখ্য যে প্ৰতিবছৰে চলি অহা হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি চলচলী জলাহ গাঁৱত উপদ্ৰৱৰ সৃষ্টি কৰি আহিছে যদিও আজিকোপতি বন বিভাগে হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহন নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে ।