অসম

চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক “মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সামূহিক কৰ্ম বঁটা, ২০১৯” প্ৰদান

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ বন্যহস্তী আৰু মানুহৰ সংঘাত দূৰ কৰাৰ লক্ষ্যৰে পাহাৰ-ভৈয়ামৰ ৰাইজক সংঘবদ্ধ কৰি বিভিন্ন কাম কৰি আহিছে নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই। তেওঁ কৰা অভিনৱ ব্যতিক্ৰমী প্ৰচেষ্টাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ৭৩সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত গুৱাহাটীৰ খানাপাৰাত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজহুৱা ভাবে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক সম্বৰ্দ্ধনা জনোৱাৰ লগতে "মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সামূহিক কৰ্ম বঁটা-২০১৯" প্ৰদান কৰে।

উল্লেখ্য যে, বন্যজীৱ-জন্তৰ হৈ নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা চাপানালাৰ প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাক এই বঁটা প্ৰদান কৰাক কেন্দ্ৰ কৰি সম্প্ৰতি নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে সমূহ নগাঁওবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে।