অসম

চামগুৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিত সোমবাৰে নিশা আৰক্ষীয়ে চলালে ড্ৰাগছৰ বিৰুদ্ধে এক ব্যাপক অভিযান। চামগুৰিৰ সাপ্তাহিক বজাৰৰ এখন দোকানৰ পৰা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস,কলিয়াবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু চামগুৰি আৰক্ষীৰ সহযোগত আৰক্ষীৰ দলটোৱে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় যথেষ্ট সংখ্যক ড্ৰাগছযুক্ত টেবলেট, ভাং আৰু লিক'ৰ বটলো।

আৰক্ষীয়ে দোকান খনৰ পৰা গ্ৰেপ্তাৰ কৰে মাইনুল হুছেইন নামৰ এটা সৰবৰাহকাৰীকো। উল্লেখ্য চামগুৰিৰ বিভিন্ন ঠাইত সক্ৰিয় হৈ পৰা এই ড্ৰাগছৰ বৃহৎ চক্ৰটো আৰক্ষীয়ে শীঘ্ৰে উৎখাত কৰিবলৈ অনাগত সময়তো অঞ্চলটোত নিতৌ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক ।