অসম

নগাঁও কন্দলী পাহাৰত ঐতিহাসিক বাদুলী খোৰোং মেলাত লোকে লোকাৰণ্য পৰিৱেশ…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ কন্দলী পাহাৰত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ঐতিহাসিক বাদুলী খোৰোং মেলাত অগণন ভক্ত সমাগম ঘটিছে । নানা আখ্যান আৰু জনশ্ৰুতিৰে সাঙোৰ খাই থকা এই মেলা উৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ জনতাৰ আগমন হয় ।ইতিহাস বিজড়িত কন্দলী অঞ্চলৰ এটি শিলাময় পাহাৰৰ বুকুতেই লুকাই আছে এটি বিস্ময় কৰ গুহা ।

যি জনসমাজত বাদুলী খোৰোং নামেৰে পৰিচিত ।জন বিশ্বাস মতে এই বাদুলী বোৰ মুনিৰ শাপত বন্দী হৈ থকা নাৰী ৰূপী বাদুলীহে ।স্থানীয় লোকৰ মতে প্ৰাকবৈষ্ণৱ যুগত কন্দলী ৰাণী প্ৰমীলাই ৰাজত্ব কৰা নাৰী ৰাজ্যত এই বিস্ময়কৰ শিলৰ গুহাটো আছিল ।

যিহেতু এই ৰাজ্যত কেৱল নাৰী সকলে বাস কৰিছিল ,সেয়ে ইয়াত পুৰুষ ৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ আছিল । এদিন এগৰাকী মুনিয়ে কৌতুহল দমাব নোৱাৰি নাৰী সকলে গুহাতনো কি কৰে আৰু কেনেদৰে থাকে ,তাক চাবৰ বাবে গুহাত প্ৰৱেশ কৰোতে গুপ্তচৰৰ হাত ধৰা পৰে ।ফলত ৰাণী প্ৰমীলাই মুনিক শাস্তি প্ৰদান কৰে ।

মুনিয়ে এই অপমান কাৰ্যত অগ্নিশৰ্মা হৈ অভিশাপ দিয়ে আৰু লগে লগে নাৰী সকল বাদুলী হৈ গুহাৰ শিলত ওলমি ৰয় । উল্লেখ যে ২০০১ চনত এই বিষয়ে ৰাইজ অৱগত হৈ শিৱৰাত্ৰি পিছদিনাৰ পৰা পালন কৰি আহিছে বাদুলী খোৰোং মেলা ।

আনহাতে অসম চৰকাৰে এইবাৰ বাদুলী খোৰোঙৰ বাবে লৈছে বিশেষ পদক্ষেপ ।অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে বাদুলী খোৰোং লৈ যোৱা পথ নিৰ্মাণ ৰ বাবে ডেৰ কোটি টকা প্ৰদান কৰিব বুলি মন্তব্য কৰে বিজেপি নেতা জিতু গোস্বামীয়ে ।লগতে বিজেপি নেতা জিতু গোস্বামীয়ে এইবাৰ ঐতিহাসিক বাদুলি খোৰাং মেলাখন উদ্বোধন কৰে ।