অসম

চামগুৰিত পথ দুৰ্ঘটনাঃ এজন নিহত, এজন আহত

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি তিনিআলিত সোমবাৰে পুৱাই দুখন মটৰ চাইকেলৰ সংঘৰ্ষ হয়। দুয়োখন মটৰ চাইকেলৰে মুখামুখী সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ দুৰ্ঘটনাটোত এজন মটৰ চাইকেল আৰোহী থিতাতে নিহত হোৱাৰ লগতে আনজন আৰোহী গুৰুতৰভাবে আহত হয়।

নিহত মটৰ চাইকেল আৰোহীজন কলিয়াবৰ উলুৱনীৰ প্ৰধান শিক্ষক জীৱন বসুমতাৰী বুলি চিনাক্ত কৰাৰ লগতে আহত আনজন আৰোহী চামগুৰিৰ শিৱস্থানৰ দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে।আনহাতে সংকটজনক অৱস্থাত আহত দিলদাৰ হুইছেনক চিকিৎসালয়লৈ স্থানীয় ৰাইজে প্ৰেৰণ কৰে।

উল্লেখ্য যে, দুৰ্ঘটনাটোৰ ফলত চামগুৰি তিনিআলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত যান-যটঁৰ সৃষ্টি হয় যদিও আৰক্ষীৰ উপস্থিতিত যান-যটঁ নিয়ন্ত্ৰণ হয়।