- তৰুণ গগৈক উভতি ধৰিলে আছু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
- তৰুণ গগৈয়ে অনা অভিযোগৰ উত্তৰ দিলে ছাত্ৰ নেতাজনে।
- অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ বাবে আছু আৰু প্রফুল্ল মহন্ত দায়ী বুলি মন্তব্য কৰিছিল গগৈয়ে।
- ইয়াৰ প্ৰত্যুত্তৰ দি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ে কয়- সেই সময়ৰ পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰ দায়ী আছিল ইয়াৰ বাবে।
- সেই সময়ত অসমৰ ৰাইজে ন্যায্য প্ৰাপ্তিৰ বাবে, এটা ৰাষ্ট্ৰীয় সমস্যাৰ সমাধানৰ বাবে আন্দোলন কৰিছিল।
- কঠোৰ দমন চলাইছিল সেই সময়ৰ দিছপুৰ আৰু দিল্লীৰ শাসকসকলে।
- এইদৰে প্ৰত্যুত্তৰ দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
- সোমবাৰে তামুলপুৰৰ বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহলৈ গৈছিল আছু উপদেষ্টা।
- জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী ভট্টাচাৰ্য।
- বীৰ শ্বহীদজনৰ বাসগৃহত উপস্থিত হৈছিল গৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
- খবৰ লয় শ্বহীদ বসুমতাৰীৰ পৰিয়ালৰ।
- শ্বহীদ পৰিয়ালৰটোৰ খবৰ ল'বলৈ গৈছিল সাংসদ নৱ শৰণীয়া।