অসম

চামগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰি: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে চামগুৰিতো শনিবাৰে সন্ধিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিচ্ছবি দাহ কৰে ।

ইয়াৰোপৰি প্ৰতিবাদকাৰী সকলে চামগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে ৰাষ্ট্ৰীয় ঘাইপথ। ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দিশে তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে অগপৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ দৰে বাকী সকল মন্ত্ৰীৰো একে অৱস্থা হ'ব বুলি সকীয়নি প্ৰদান কৰে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই।