অসম

লাওঁখোৱাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ…

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ চামগুৰিৰ লাওঁখোৱাত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। লাওঁখোৱাৰ উত্তৰ বেলগুৰিত উদ্ধাৰ হৈছে ৰুমা মণ্ডল নামৰ এগৰাকী কিশোৰীৰ মৃতদেহ। ঘৰৰ সমীপতে থকা এটা পুখুৰীত বুধবাৰে পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে কিশোৰী গৰাকীৰ মৃতদেহটো।

কোনো কাৰণত দুৰ্ভাগ্যক্ৰমে কিশোৰী গৰাকী পুখুৰীটোত সলিল সমাধি ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।উল্লেখ্য যে, উত্তৰ বেলগুৰিৰ বায়েকৰ ঘৰত বিয়া খাবলৈ নিজ লাওঁখোৱাৰ পৰা ৰুমা মণ্ডল নামৰ কিশোৰী গৰাকী মঙলবাৰে আহিছিল।

ইফালে ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ ওপঙি থকা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ দিহা কৰিছে। অৱশ্যে পৰৱৰ্তী সময়ত আমবাগান আৰক্ষী তদন্ততহে পোহৰলৈ আহিব কিশোৰী গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য।