অসম

বাক্সাৰ শালবাৰীৰ ভিন্ন প্ৰান্তত অবৈধ কাঠফলা মিল উচ্ছেদ-জব্দ প্ৰশাসন-বন বিভাগৰ

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ বন বিভাগ আৰু প্ৰশাসনৰ পূৰ্ণ সহযোগিতাৰ বাবেই বাক্সাৰ শালবাৰী মহকুমাৰ ভিন্ন প্ৰান্তত অবাধে গঢ় লৈ উঠিছিল বহুকেইটা অবৈধ কাঠফলা মিল৷ বনবিভাগ আৰু শালবাৰী মহকুমা প্ৰশাসনে মোটা অংকৰ ধনৰ বিনিময়ত মুকলিকৈ চলাই নিবলৈ অনুমতি দিছিল মহকুমাটোৰ অন্তৰ্গত কচুগাঁও, ছলিকন্দা বজাৰ, বুনমাজা, মাজৰকুছি, পল্লা নৈৰ কাষত থকা বহুকেইটা কাঠফলা মিল৷

যোৱা ১৪ মাৰ্চত এই সংক্ৰান্তত বহুকেইটা ইলেক্ট্ৰনিক মাধ্যমত প্ৰচাৰ হৈছিল বন বিভাগ আৰু শালবাৰী মহকুমা প্ৰশাসনৰ জ্ঞাতসাৰেই অবৈধ কাঠফলা মিলবোৰ চলি থকাৰ কথা৷ বাতৰি প্ৰচাৰ হোৱা ২৪ ঘণ্টা নৌহওঁতেই শুকুৰবাৰে নিজৰ গাৰ চেকা আঁতৰাবলৈ শালবাৰী মহকুমাধিপতি নিত্য চন্দ্ৰ ওৱাৰী, শালবাৰী মহকুমা আৰক্ষী বিষয়া ছফিকুল হুছেইন, শালবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সিদ্ধেশ্বৰ বড়ো, আনন্দ বজাৰ আৰক্ষী চকীৰ এএছআই সুনন্দ দাসসহ বনবিভাগৰ এটা দলে শালবাৰীৰ ভিন্ন প্ৰান্তত অভিযান চলাই ভালেকেইটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে আৰক্ষী আৰু বনবিভাগৰ লোকে এই সংক্ৰান্তত কোনো এজন লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই৷