অসম

শালবাৰীত বেঁকী নৈৰ ভয়ংকৰ তাণ্ডৱ, শালবাৰীৰ খাৰিজা বিজনীত বেঁকী নৈৰ চৰত আবদ্ধ হৈ পৰা চাৰি শতাধিক লোকক উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত বেঁকী নৈৰ ওদালগুৰীৰ বালিপুৰ চৰতো প্ৰায় চাৰি শতাধিক লোক আবদ্ধ হৈ পৰে৷ সেই খবৰ প্ৰথমে স্থানীয় সংবাদকৰ্মীয়ে লাভ কৰাৰ পিছত লগে লগে আৰক্ষীৰ লোকক জনোৱা হয়৷

ততাতৈয়াকৈ ঘটনাস্থলীত স্থানীয় লাবদাংগুৰী আৰক্ষী, গোৱৰ্দ্ধনা আৰক্ষীৰ লগতে আমুছু, এবিএমছু, বিপিএফ কৰ্মী, স্থানীয় ৰাইজ আৰু সংবাদ কৰ্মীৰ সহযোগত আবদ্ধ হৈ পৰা লোকসকলক নাও, ভূৰ আদিৰে উদ্ধাৰ কৰি ওদালগুৰী চ'কলৈ লৈ অনা হয়৷ বেঁকীৰ চৰত আবদ্ধ লোকসকলক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও বহু লোকৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি বেঁকী নৈৰ সোঁতত উটি যায়৷

সংবাদকৰ্মী, আৰক্ষী আৰু বিভিন্ন দল-সংগঠনৰ প্ৰচেষ্টাত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল বালিপুৰ চৰৰ প্ৰায় চাৰি শতাধিক লোক৷ উল্লেখযোগ্য যে, বেঁকী নৈৰ সোঁত অতি সম্প্ৰতি বিপদসংকুল অৱস্থাৰে বৈ আছে৷ ইফালে বেঁকী নৈৰ জলপৃষ্ঠ ওফন্দি উঠি বাক্সাৰ শালবাৰীৰ খাগ্ৰাবাৰী অঞ্চল সম্পূৰ্ণভাবে বুৰাই পেলায়৷ বেঁকীৰ নৈপৰীয়া ৰাইজ ইতিমধ্যে নিজৰ আপোন ঘৰ-দুৱাৰ এৰি বানৰ কবলৰ পৰা ৰক্ষা পোৱাৰ বাবে ওখ ঠাইলৈ ঢাপলি মেলিছে৷ খাগ্ৰাবাৰী অঞ্চলৰ স্কুল, মন্দিৰ, সত্ৰ, দোকান-পোহাৰ আদি বানৰ কবলত পৰিছে৷