অসম

শালবাৰীৰ বাঁহবাৰীত দুদিনীয়া কাৰ্যসূচীৰে কৰম পূজা উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ বাঁহবাৰীত ফাতেমাবাদ চাহ বাগিছাৰ খেলপথাৰত বাঁহবাৰী আঞ্চলিক আদিবাসী ছাত্র সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় আদিবাসীসকলৰ প্ৰধান তথা কৃষি ভিত্তিক উৎসৱ কৰম পূজা৷

সোমবাৰে কৰম পূজাৰ দ্বিতীয় তথা অন্তিম দিনা এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ পিছত কৰম ডাল পূজা বেদীত স্থাপন কৰাৰ পিছতে মুখৰিত হৈ পৰে উৎসৱস্থলী। আদিবাসী যুৱক-যুৱতীসকলে ঝুমুৰ নৃত্যৰে মন-প্ৰাণ উদ্বেলিত কৰি তোলে। কৰম পূজা উপলক্ষে আবেলিৰ ভাগত অনুষ্ঠিত হৈ যায় এখনি মুকলি সভা৷

আদিবাসী ছাত্ৰ নেতা ৰাজু তিৰ্কীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত টিএলচিচিৰ অধ্যক্ষ ভূৱনেশ্বৰ গয়াৰী, মথনগুৰি সমষ্টিৰ এমচিএলএ গৌতম দাস, বিএছইউৰ সেনাধ্যক্ষ বীৰ সিং মুণ্ডা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকা, জাৰ্নেলিষ্ট ইউনিয়ন বাক্সা জিলা সমিতিৰ সভাপতি দামোদৰ তালুকদাৰ, সম্পাদক মনোহৰ ৰাজবংশী প্ৰমুখ্যে বহুকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷

উল্লেখ্য যে, কৃষি কৰ্ম অন্তৰ পাছতে ভাদ মাহৰ একাদশী তিথিৰ পৰা পালন কৰা হয় এই কৰম পূজা৷ আনহাতে, এই উৎসৱৰ সময়তে আদিবাসী ছাত্র সন্থা আৰু আদিবাসী জাতীয় মহাসভাই কৰম উৎসৱক জাতীয় উৎসৱ হিচাবে স্বীকৃতি দি চৰকাৰী বন্ধ ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনায়৷