অসম

শালবাৰীত ছাত্ৰ সন্থাই ৬ খনকৈ ডাম্পাৰ-ট্ৰাক আৱদ্ধ কৰি চমজাই দিলে মহকুমা প্ৰশাসনক

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ ভৱানীপুৰ-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ বাক্সা জিলাৰ শালবাৰীৰ গাতিত আজি ৬ খনকৈ ডাম্পাৰ আৰু ট্ৰাক আৱদ্ধ কৰে ছাত্ৰ সন্থাৰ কৰ্মীয়ে৷ গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে পথটোৰে চলাচল কৰা ছয়খন ডাম্পাৰ আৰু এখন ট্ৰাকসহ সাতখনকৈ বাহন ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমুখত আৱদ্ধ কৰি পৰৱৰ্তী সময়ত ঘটনাস্থলীত দণ্ডাধীশ প্ৰভাত পেগু উপস্থিতি হোৱাৰ পিছতহে শালবাৰী মহকুমা প্ৰশাসনৰ ওচৰত চমজাই দিয়ে আৱদ্ধ কৰা ডাম্পাৰ-ট্ৰাকসমুহ৷

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি বাক্সাৰ বিভিন্ন প্ৰান্তৰ লগতে সাউদৰভিঠা, গাতি,আনন্দ বজাৰ আদি পথত অধিক বহন কঢ়িয়াই ত্ৰাসৰ সৃষ্টি কৰি আহিছে ডাম্পাৰ, ট্ৰাকৰ লগতে ট্ৰেক্টৰসমূহে৷ এইক্ষেত্ৰত স্থানীয় ৰাইজ তথা ছাত্ৰ সন্থাৰ কৰ্মীয়ে শালবাৰী মহকুমা প্ৰশাসনক অবৈধভাবে চলাচল কৰা ডাম্পাৰ-ট্ৰাকসমুহৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে৷