অসম

শালবাৰীত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ আক্ৰাছুৰ

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ পৃথক কমতাপুৰ ৰাজ্য গঠন তথা ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত কৰিছে আক্ৰাছুৱে। বাক্সা জিলা আক্ৰাছুৱে শুকুৰবাৰে বাক্সাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰৰ পল্লা নৈৰ দলংৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী গ' বেক, ৰাজনাথ সিং মুৰ্দাবাদ, আক্ৰাছু জিন্দাবাদ, ন' কমতাপুৰ ন' ৰেষ্ট আদি ধ্বনিৰে আনন্দ বজাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।