অসম

বাক্সাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত টাটা মেজিকৰ খুন্দাত আহত বৃদ্ধাৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত পহিলা আগষ্টত দিনৰ ভাগত টাটা মেজিকৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত বৃদ্ধাৰ আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ গোৱৰ্দ্ধনাৰ শিলপাৰা গাঁওৰ সত্তৰোৰ্ধৰ আমিনা আমিনা খাতুন নামৰ বৃদ্ধাগৰাকী বৰপেটা ৰোড-মানাহ সংযোগী গোৱৰ্দ্ধনা চ'কৰ চাৰিআলিৰ পথ পাৰ হ'ব খোজোতেই AS 15C 5018 নম্বৰৰ টাটা মেজিকখনে সমুখৰ পৰা খুন্দিয়াই আহত কৰিছিল৷

মেজিকৰ খুন্দাত বৃদ্ধাগৰাকী গাড়ীখনৰ একেবাৰে তলত সোমাই গৈছিল৷৷যাৰ বাবে হাত আৰু মুখমণ্ডল বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ বৃদ্ধাগৰাকীক গাড়ীৰ তলৰপৰা উদ্ধাৰ কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও আজি চিকিৎসাধীন অৱস্থাতেই মৃত্যুমুখত পৰে৷ মেজিকখনৰ চালক মুনচেৰ আলী সম্প্ৰতি পলাতক হৈ আছে৷

ইপিনে প্ৰতিদিনেই গোৱৰ্দ্ধনা বজাৰত দোকানীৰ পৰা দুই এটকা ভিক্ষা কৰি নিজৰ একমাত্ৰ পুত্ৰসহ পৰিয়ালৰ ভোৰণ পোষণ দিয়া বৃদ্ধা গৰাকীৰ মৃত্যুত স্থানীয় লোকসকলে অতিশয় দুখ প্ৰকাশ কৰিছে৷