অসম

ছাইবুৰ ৰহমানলৈ জামিনঃ জামিনৰ প্ৰসংগত মুখ খুলিব বিচৰা নাই ভিজিলেন্সৰ এছ পিয়ে

asomiyapratidin

ডিজিটে ডেস্কঃ জামিন মঞ্জুৰ হ'ল ছাইবুৰ ৰহমানৰ। আয়তকৈ অধিক সম্পত্তিৰ গৰাকী ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে দুৰ্নীতি আনিবাৰক আৰু তদাৰকী শাখাই ছাইবুৰৰ বিৰুদ্ধে চি এম ভিজিলেন্সত ৰুজু কৰিছিল পি চি এক্টৰ অধীনত দুটা গোচৰ। গোচৰটো দুটাৰ নম্বৰ হৈছে ০৩/২১ আৰু ৫/২১।

মঙ্গলবাৰে এই এই গোচৰৰ প্ৰসংগত চি এম ভিজিলেন্সৰ এছ পি ৰজি কলিতাই ছাইবুৰ ৰহমানক জামিন প্ৰদান কৰিলে। চি এম ভিজিলেন্সৰ এছ পি ৰজি কলিতাই ছাইবুৰ ৰহমানৰ গোচৰৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চি এম ভিজিলেন্সৰ মতে ছাইবুৰ ৰহমানৰ বিৰুদ্ধে চাৰ্জশ্বীট দিয়াত পলম হোৱা নাই। তেওঁক গ্ৰেপ্তাৰ কৰাৰ ৯০ দিন এতিয়াও অতিক্ৰম কৰা নাই।

যোৱা ২৪ আগষ্টতহে গ্ৰেপ্তাৰ কৰিছিল অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানক। মঙ্গলবাৰে ছাইবুৰৰ বিৰুদ্ধে চি এম ভিজিলেন্সে ৯২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে। এই চাৰ্জশ্বিটত আছে ৰহমানৰ মাটি-সম্পত্তিৰ তথ্য। মুঠ ১০৪ স্থানতে আছে নামে-বেনামে মাটি-সম্পত্তি।

এইগৰাকী অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে চি এম ভিজিলেন্সত আছে ২ টা গোচৰ। এই গোচৰ দুটাৰ নম্বৰ হৈছে ৩/২১ আৰু ৫/২১। ইয়াৰে ৩/২১ নম্বৰৰ গোচৰটো হৈছে মাটি-সম্পত্তিৰ গোচৰ। আৰু ৫/২১ নম্বৰৰ গোচৰটো হৈছে গাওঁ বুঢ়া নিযুক্তি কেলংকাৰী। মূলতঃ ৩/২১ নম্বৰৰ গোচৰটোক লৈয়ে সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ।

কিন্তু আশ্চৰ্যজনকভাৱে ছাইবুৰ ৰহমানে ৩/২১ নম্বৰৰ গোচৰটোতে লাভ কৰিলে জামিন। কিন্তু এই গোচৰত তেওঁ কিয় জামিন লাভ কৰিলে সেই বিষয়ত মুখ খুলিব বিচৰা নাই এছ পি ৰজি কলিতাই।

উল্লেখ্য যে এইগৰাকী অতিৰিক্ত উপায়ক্ত ছাইবুৰ ৰহমান ২০০২ বৰ্ষৰ এ চি এছ বিষয়া আছিল। তেওঁৰ স্থাবৱ-অস্থাৱৰ সম্পত্তিৰ ৯৫ শতাংশই আয়তকৈ অধিক। তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ৬ কোটি ৩৮ লাখ ১২ হাজাৰ ১৮৮ টকা। আনহাতে ৰাজ্যৰ ১০৪ টা স্থানত আছিল নামে-বেনামে সম্পত্তি। তেওঁৰ মুঠ্ ভূমিৰ মূল্য ১০০ কোটিতকৈও অধিক বুলি জানিব পৰা গৈছিল।