অসম

যুৱ সাহিত্য বঁটাৰ বাবে সাহিত্য অকাডেমীৰ আবেদন আহ্বান, ২৪ ভাষাৰ উদীয়মান সাহিত্যিকলৈ আগবঢ়োৱা হ’ব এই সন্মান

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০২০ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰৰ বাবে আগ্ৰহী যুৱ প্ৰজন্মৰ লেখক-লেখিকাসকলৰ পৰা আবেদন বিচাৰিছে সাহিত্য অকাডেমীয়ে। এক বিজ্ঞাপনৰ যোগেদি এই আহ্বান কৰি সাহিত্য অকাডেমীৰ তৰফৰ পৰা ৩০ আগষ্টৰ ভিতৰত কিতাপৰ নাম জমা দিবৰ বাবে যুৱ সাহিত্যিকৰ লগতে প্ৰকাশকসকলক আহ্বান জনোৱা হৈছে। উল্লেখ্য যে, আবেদনকাৰীসকল ২০২০ বৰ্ষৰ জানুৱাৰী মাহৰ এক তাৰিখৰ লৈকে ৩৫ বছৰ অথবা ৩৫ বছৰৰ কম বয়সৰ হোৱাটো বাঞ্চনীয়।

ইফালে কিতাপৰ লগতে আগ্ৰহীসকলে জন্মৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি আৰু শিক্ষাগত অৰ্হতাৰ দিশৰ সৈতে জন্মৰ তাৰিখ তথা বয়সৰ প্ৰমাণ স্বৰূপে এখন এফিডেভিত জমা দিব লাগিব। ২০১১ চনৰ পৰা সাহিত্য অকাডমীয়ে এই পুৰস্কাৰ প্ৰদান কৰি আহিছে।

সাহিত্য অকাডেমীয়ে স্বীকৃতি দিয়া ২৪ টাকৈ ভাষাত লেখা-মেলা কৰা যুৱ লেখকসকলক অনুপ্ৰাণিত কৰাৰ বাবে এই পুৰস্কাৰ তথা বঁটাৰ প্ৰৱৰ্তন কৰা হৈছিল। বঁটা লাভ কৰিবলগীয়া ২৪ টা ভাষা হৈছে অসমীয়া, বঙালী, বড়ো, দোগৰী, ইংৰাজী, গুজৰাটী, হিন্দী, কান্নাড়া, কাশ্মিৰী, কংকানী, মৈঠিলী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, ওড়িয়া, পঞ্জাৱী, ৰাজস্থানী, শান্তলী, সংস্কৃত, সিন্ধী, তামিল, টেলেগু আৰু উৰ্দূ।


আবেদনৰ প্ৰতিলিপি…

এখন প্ৰশংসা পত্ৰ, এটা স্মাৰক আৰু নগদ ৫০ হাজাৰ টকা এই বঁটাৰ সৈতে প্ৰদান কৰা হয়। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰিবলগীয়া এই বঁটাৰ বাবে আবেদন কৰিবলৈ এখন প্ৰ-পত্ৰও ইতিমধ্যে ৰাজহুৱা কৰিছে সাহিত্য অকাডেমীয়ে।