অসম

কি নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃয়ে হৰুৱালে কুলধৰ শইকীয়াক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত হৈছিল এক গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ দিগন্ত বিশ্ব শৰ্মাই পৰাস্ত কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক।

দিগন্ত বিশ্ব শৰ্মাই ৪৪টা ভোট লাভ কৰাৰ বিপৰীতে কুলধৰ শইকীয়াই ৩২টা আৰু ডা০ অপূৰ্ব শইকীয়াই ৪টা ভোট লাভ কৰে। এই নিৰ্বাচনত জয়ী হোৱাৰ সূত্ৰে সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদৰ সদস্য দিগন্ত বিশ্ব শৰ্মা সাহিত্য অকাডেমি কাৰ্যকৰী পৰিষদলৈ নিৰ্বাচিত হয়। সেই সূত্ৰে তেওঁ সাহিত্য অকাডেমিৰ অসমীয়া ভাষা এডভাইচেৰী ব'ৰ্ডৰ আহ্বায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিব।