অসম

দিল্লীৰ ৰবীন্দ্ৰ ভৱন কাননত মনোজ্ঞ অনুষ্ঠান: মনোজ কুমাৰ গোস্বামীক অকাডেমি বঁটা প্ৰদান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম তথা অসমীয়া সাহিত্যলৈ গৌৰৱ কঢ়িয়াই আনিলে সাহিত্যিক,সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। শনিবাৰে নতুন দিল্লীস্থিত ৰবীন্দ্ৰ ভৱন কাননত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়।

২০২২ বৰ্ষৰ অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ সন্মান মনোজ কুমাৰ গোস্বামীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখ্য যে তেওঁৰ "ভুল সত্য" শীৰ্ষক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত সাহিত্য অকাডেমিৰ মূল সমিতিৰ লগতে শখা সমিতিসমূহৰো বৃহৎ সংখ্যক লোকৰ উপৰি গণ্য মাণ্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ মাজেৰে প্ৰখ্যাত সাহিত্যিক উপমান্যু চেতাৰ্জীয়ে গোস্বামীক অকাডেমি বঁটা প্ৰদান কৰে।

বঁটা গ্ৰহণ কৰি তেওঁ সাহিত্য অসমৰ সাহিত্য ক্ষেত্ৰলৈ এই বঁটা উৎসৰ্গা কৰাৰ লগতে সাহিত্য অকাডেমিৰ বিচাৰক প্ৰমুখ্যে কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। লগতে কি দৰে তেওঁ সাহিত্য ক্ষেত্ৰত ভৰি দিলে তাৰ অভিজ্ঞতা প্ৰকাশ কৰে। প্ৰণিধাণযোগ্য যে তেওঁৰ সৃষ্টিৰাজিসমূহৰ ভিতৰত সমীৰণ বৰুৱা আহি আছে, পাঁচজন বন্ধু, ৰাজনীতিৰ অলিয়ে-গলিয়ে উল্লেখ্যযোগ্য সৃষ্টি।