অসম

সদভাৱনা যাত্ৰাত বৰপেটা-বাক্সাৰ ২০ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

asomiyapratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰাষ্ট্ৰপতিৰ বিশেষ আঁচনি মিছন সদভাৱনা যাত্ৰাৰ তৃতীয় বৰ্ষৰ দলটো ইতিমধ্যে ৰঙিয়াৰ পৰা শুকুৰবাৰে ৰাওনা হৈছে। ১৫নং জাঁট ৰেজিমেণ্টে সম্পূৰ্ণৰূপে তদাৰক কৰা এই যাত্ৰাত পিছপৰা আৰু প্ৰায় দুৰ্গম অঞ্চলৰ মেধাৱী ছাত্র-ছাত্ৰীক লৈ যোৱা হয়।

সম্পূৰ্ণ বিনামূলীয়া এই ভ্ৰমণ কাৰ্য্যসূচীত এইবাৰ বৰপেটা আৰু বাক্সা জিলাৰ পাঁচখন বিদ‍্যলয়ৰ ২০গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে দুজন শিক্ষকেও অংশগ্ৰহণ কৰিছে। ১০ দিনীয়া কাৰ্য্যসূচী হাতত লৈ ওলোৱা দলটো ৰাজস্থানৰ জয়পুৰৰ লগতে দিল্লীলৈও যাত্ৰা কৰিব।

এই যাত্ৰাত বিভিন্ন ঐতিহাসিক স্থান দৰ্শনৰ লগতে দেশৰ ৰাষ্ট্ৰপতিৰ লগত সাক্ষাৎকাৰৰো ব্যৱস্থা কৰা হৈছে। ৰঙিয়াৰ ৰেড হৰ্ণ ডিভিজনৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ ফ্লেগ অফ্ কৰে মেজৰ জেনেৰেল (বিশিষ্ট সেৱা মেডেল) সঞ্জীৱ ক্ষত্ৰীয়ে। এতিয়ালৈ কেৱল ছাত্ৰক সুবিধা দিয়াৰ পিছত অহাবাৰৰ পৰা ছাত্ৰীকো এই ভ্ৰমণলৈ যোৱাৰ সুবিধা প্ৰদান কৰা হব বুলি আৰ্মীৰ ফালৰ পৰা জানিব দিয়া হয়।

আনহাতে যথেষ্ট দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰসকলে এই সুবিধা লাভ কৰি নথৈ আনন্দিত হৈছে। এই ভ্ৰমণৰ জৰিয়তে তেওঁলোকে বিভিন্ন ঠাই দেখাৰ লগতে বহু জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰে সঞ্জীৱ ক্ষত্ৰীয়ে।