অসম

কেনে আছে আপোনালোকঃ ধেমাজিত সাদিন-প্ৰতিদিন গোষ্ঠীৰ জন সংযোগ অভিযান…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ সমগ্ৰ বিশ্বতেই কাল ধুমুহাৰ সৃষ্টিৰ কৰা মৃত্যুদুতৰূপী কোৰোনা ভাইৰাছকলৈ চতুৰ্থ বাৰলৈ কেন্দ্ৰই লকডাউন অব্যাহত ৰখাৰ সময়ছোৱাতে ঘৰতে আৱদ্ধ হৈ থকা লোক সকলৰ অৱস্থাৰ বুজ লগতে খা-খবৰ লোৱাৰ উদ্দেশ্য সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আৰম্ভ কৰিছে জনসংযোগ অভিযান।

ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত থকা এই অভিযানৰ অংশ হিচাপে বুধবাৰে ধেমাজি নগৰ খনৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকীৰ বিশিষ্ট ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মাস্ক আৰু এখনিকৈ অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ উপহাৰ দি তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয় ৷

সাদিন – প্ৰতিদিন গোষ্ঠীৰ হৈ ধেমাজিৰ অশ্বিনী কুমাৰ দুৱৰা, প্ৰেমানন্দ তালুকদাৰ আৰু সঞ্জীৱ কোৱঁৰে ঘৰে ঘৰে গৈ লেখক , গৱেষক তথা চিত্ৰ শিল্পী ড° পুষ্প গগৈ, জ্যেষ্ঠ সাংবাদিক তথা, সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া , ধেমাজি জিলা উকীল সন্থাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ অধিবক্তা নৰেন গোহাইঁ ,ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃযোগেন দাস, ধেমাজি উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক অৰুণ কুমাৰ দিহিঙীয়া, ধেমাজি অসামৰিক চিকিৎসালয়ৰ মেট্ৰন জয়ন্তী হাজৰিকা,আৰক্ষী মুক্তা গগৈ, ধেমাজিৰ এগৰাকী প্ৰতিভাৱান কবি তথা প্ৰতিষ্ঠিত ব্যৱসায়ী শৈশৱ দত্ত, ধেমাজি চাৰিআলিৰ বুক ষ্টলৰ আৰু ধেমাজি তিনিআলিস্থিত সত্য বুক ষ্টলৰ স্বত্তাধিকাৰীদ্বয় দীপক কলিতা আৰু ডালিম দাসক সম্বৰ্ধনা জনোৱা হয় ৷

এই সময়চোৱাত ফোন যোগে বিশিষ্ট ব্যক্তি সকলৰ লৈতে সাদিন -প্ৰতিদিন গোষ্ঠীৰ সত্ত্বাধিকাৰী জয়ন্ত বৰুৱাই তেওঁলোকৰ বৰ্তমানৰ অৱস্থাৰ বুজ লয়।

এই অভিযান ,অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক অচ্যুত পাটোৱাৰী , জ্যেষ্ঠ উপ-সম্পাদিকা মানসী বায়ন, আৰু অসমীয়া প্ৰতিদিনৰ কৰ্ম-সকলৰ সৈতে মত বিনিময়ৰ অন্তত বিশিষ্ট ব্যক্তি ,সাহিত্যিক ,সাংবাদিক, চিকিৎসক, শিক্ষাবিদ সকলে সাদিন-প্ৰতিদিন গোষ্ঠীৰ এনে পদক্ষেপক শলাগ লয়।