অসম

এছ আই কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাৰ ডাষ্টাৰত অবৈধভাৱে ব্যৱহাৰ ‘প্ৰতিদিন টাইম’ৰ ষ্টিকাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। শনিবাৰে এই কেলেংকাৰীৰ অন্যতম অভিযুক্ত সৰোজ শৰ্মাৰ ডাষ্টাৰ বাহন জব্দ কৰা হয়। কিন্তু এই বাহনখনত পৰিলক্ষিত হয় 'প্ৰতিদিন টাইম'ৰ ষ্টিকাৰ।

এই বিষয়টোক লৈ প্ৰতিদিন টাইমৰ কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে, চেনেলটোৰ ষ্টিকাৰ অবৈধভাৱে ব্যৱহাৰ কৰা হৈছিল। বাহনখনৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয় প্ৰতিদিন টাইম। তদুপৰি চেনেলটোৰ সাংবাদিক-কৰ্মচাৰীৰ ব্যক্তিগত বাহনো নহয় ডাষ্টাৰখন।

উল্লেখ্য যে, শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল সৰোজ শৰ্মাক। বৰঝাৰ বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল শৰ্মাক । অসমৰ বাহিৰত পলাই আছিল তেওঁ। দিল্লীৰ লক্ষ্ণৌত পলাই থকা সৰোজ শৰ্মা ঘূৰি আহিছিল অসমলৈ চিআইডি আৰু ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল সৰোজ শৰ্মাক ।