অসম

এছ আই কেলেংকাৰীঃ হঠাৎ নিৰুদ্দেশ কুমাৰ সঞ্জিত কৃষ্ণ, ফোনো ছুইচ অফ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীত জড়িত আইপিএছ বিষয়া সঞ্জিত কৃষ্ণ আৰু কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পিকে দত্ত জুনয়ৰক গ্ৰেপ্তাৰৰ বাবে গৃহ বিভাগৰ সেউজ সংকেত লাভ কৰিলে চিআইডিয়ে।

উল্লেখ্য যে, বৰ্তমানো পলায়ন হৈ আছে এছ আই কেলেংকাৰীৰে জড়িত আইপিএছ বিষয়া কুমাৰ সঞ্জিত কৃষ্ণ। মঙলবাৰৰ নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছে তেওঁ। তদুপৰি, মঙলবাৰৰ নিশাৰ পৰাই সঞ্জিত কৃষ্ণৰ ম'বাইল ফোনটোও ছুইচ অফ হৈ আছে।