অসম

ৰূপহীহাটত বন্যহস্তীৰ তাণ্ডৱ

asomiyapratidin

ডিজিটেল সংবাদ, ৰূপহীহাটঃ স্বাধীনতা দিৱসৰ দিনাই নগাঁৱৰ ৰূপহীহাটৰ ফুটলজাৰত বন্যহস্তীয়ে চলালে তাণ্ডৱ৷

বনৰীয়া হাতীয়ে চাৰিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ভঁড়ালৰ ধান খাই তহিলং কৰে। পুৱাই গাঁওখনত প্ৰৱেশ কৰিছিল বন্যহস্তীৰ জাকটো।

স্থানীয় ৰাইজে হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম হয়। লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই আহিছিল হাতীৰ দলটো৷