'ভূপেন বৰা এজন কুফা মানুহ'- ৰূপজ্যোতি কুৰ্মী...
'ভূপেন বৰা এজন কুফা মানুহ'- ৰূপজ্যোতি কুৰ্মী... 
অসম

'ভূপেন বৰা এজন কুফা মানুহ'- ৰূপজ্যোতি কুৰ্মী...

Asomiya Pratidin

ডিজিটেল সংবাদ ওৰাংঃ 'ভূপেন বৰা এজন কুফা মানুহ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰে পৰা কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিছে।'- আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যতেই নিৰ্বাচন খেলিব তাতেই ভূপেন বৰাই প্ৰতিদ্বন্দিতা কৰিব বুলি কোৱাৰ পিছতে ওদালগুৰিৰ মাজবাটত উপস্থিত হৈ এইদৰে ভূপেন বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

সমান্তৰালকৈ তেওঁ কয়, ভূপেন বৰা নিজেই বিহপুৰীয়া সমষ্টিত এবাৰ নহয়, দুবাৰকৈ হাৰিলে। লোকসভা নিৰ্বাচনতো হাৰিলে। তেওঁ আকৌ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলিও কটাক্ষ কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

অৱশ্যে কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য দিওঁতে হেনো মনত বেয়াও লাগে তেওঁৰ। আঢ়ৈ বছৰ আগলৈকে কংগ্ৰেছত থকাৰ বাবে তেওঁৰ কংগ্ৰেছৰ বিৰুদ্ধে কওঁতে মনত আঘাত লাগে বুলিও কয়।

ইফালে কংগ্ৰেছক আগন্তুক ২৫ বছৰলৈকে কুম্ভকৰ্ণ নিদ্ৰাত যাবলৈ পৰামৰ্শ ৰূপজ্যোতি কুৰ্মীৰ। কাৰণ আগন্তুক ২৫ বছৰলৈকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিব ।

২৫ বছৰ পিছত টোপনিৰ পৰা সাৰপাই আকৌ ফিল্ডত নামিবলৈ পৰামৰ্শ বিধায়কগৰাকীৰ। এতিয়া স্বৰ্গ যাত্ৰা, আকাশ যাত্ৰা, পাতাল যাত্ৰা কৰক একো লাভ নাই বুলি কটাক্ষ ৰূপজ্যোতি কুৰ্মীৰ।

আজি মাজবাটত পাচনৈ ছেৰফাং মণ্ডলৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহন কৰি এইদৰে কংগ্ৰেছক সমালোচনাৰে ঠকা-সৰকা কৰে বিধায়কগৰাকীয়ে ।