অসম

পিছুওৱা হৈছে ৰূপালীম একাংক নাট প্ৰতিযোগিতাৰ দিন

asomiyapratidin

ডিজিটেল ডেস্কঃ লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত আৰু হালোগাঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত অহা ১৬ আৰু ১৭ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে শুৱালকুছিৰ নিকটৱৰ্তী হালোগাঁৱত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ভিত্তিত শশাংক দাস সোঁৱৰণী 'ৰূপালীম' একাংকিকা নাট প্ৰতিযোগিতাখন অনিবাৰ্য কাৰণত পূৰ্বৰ নিৰ্ধাৰিত ১৬, ১৭ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে একে স্থানতে ২৯ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত স্থিৰ কৰা হৈছে।

পূৰ্বে প্ৰকাশিত বাতৰিৰ দ্বাৰা অসমৰ বিভিন্ন নাট্যদলে যোগাযোগ কৰিছিল যদিও পুনৰ নতুনকৈ স্থিৰ কৰা তাৰিখত যোগাযোগ কৰিবলৈ আয়োজকসকলে আহ্বান জনাইছে। উল্লেখযোগ্য যে, সকলো নীতি নিয়ম আগৰ দৰেই থাকিব। অৱশ্যে পাণ্ডুলিপি জমা দিয়াৰ দিন ২২ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে।

ইচ্ছুক নাট্যদলসমূহক "চলচ্চিত্ৰম", ঘৰৰ নং ২৪৭, তৃতীয় মহলা, হেঙেৰাবাৰী পথ ( মন্ত শংকৰদেৱ নামঘৰৰ সমীপত) গণেশগুৰি, গুৱাহাটী-৬ ত যোগাযোগ কৰিবলৈ আয়োজক সমিতিৰ প্ৰচাৰ সম্পাদক অমৰজ্যোতি ডেকাই জানিবলৈ দিছে। উল্লেখ্য যে, ইচ্ছুকসকলে ৮৮৭৬৫ ১৫১২৮ আৰু ৭০০২৩৮৯৩৪৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।