অসম

ৰূপহীহাটত শোকাকূল পৰিৱেশত বিদ্যুৎস্পৃষ্ট হৈ নিহত ৭জনৰ জানাজা সম্পন্ন

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ ৰূপহীহাটৰ দক্ষিণ খাটোৱালত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটি লোৱা ৭জন লোকৰ বিয়লিৰ ভাগত জানাজা সম্পন্ন হয়। এক শোকাকূল পৰিৱেশৰ মাজত সম্পন্ন হয় এই জানাজা অনুষ্ঠান।

উল্লেখ্য যে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই শুকুৰবাৰে পুৱাৰ ভাগত পুখুৰীত মাছ মাৰি থকা অৱস্থাত ১১ হাজাৰ ভল্টৰ বিজুলী পৰিবাহী তাঁৰ ছিগি পৰাত মৃত্যুমুখত পৰে লোককেইজন। ঘটনা সন্দৰ্ভত ইতিমধ্যে ৩জনকৈ বিষয়াক নিলম্বিত কৰাৰ লগতে তদন্তৰো নিৰ্দেশ দিছে বিভাগীয় কৰ্তৃপক্ষই।