অসম

বটদ্ৰৱাত ‘মিজেল্‌ছ ৰুবেলা’ৰ বিনামূলীয়া টিকাকৰণ অভিযান আৰম্ভ

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে শিক্ষাবিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত ১৭ আগষ্টৰ পৰা সমগ্ৰ অসমত ৯ মাহৰ পৰা ১৫ বছৰৰ সকলো শিশু আৰু কিশোৰ কিশোৰীক এম আৰ ভেকচিন দিয়াৰ এক বৃহৎ কাৰ্যসূচী হাতত লৈছে৷

ভাৰতৰ ৯ মাহৰ পৰা ১৫ বছৰৰ সকলো শিশু আৰু কিশোৰ কিশোৰীক ২০২০ চনৰ ভিতৰত মিজেল্‌ছ আৰু ৰুবেলা ৰোগৰ পৰা মুক্ত কৰাই হৈছে এই "মিজেল্‌ছ ৰুবেলা টীকাকৰণ অভিযান"ৰ মূল উদ্দেশ্য৷ এই কাৰ্য্যসূচীৰ অংশ হিচাপে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সমূহ বিদ্যালয় তথা অংগনাবাড়ী কেন্দ্ৰত চলিছে এই টিকাকৰণ অভিযান৷

বটদ্ৰৱা এম পি এইচ ই-ৰ স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা° মৌচুমী বৰা আৰু ডা° ভীমি দৈমাৰীৰ নেতৃত্বত অভিভাৱকৰ উপস্থিতিত ১৮ আগষ্টৰ পুৱাৰে পৰা বৃহত্তৰ বটদ্ৰৱা এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা অনুষ্ঠান আৰু টিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে৷ বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত ৮টা উপ-স্বাস্থ্যকেন্দ্ৰৰ সকলো কৰ্মচাৰীয়েই এই টিকাকৰণ কাৰ্যসূচীত আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে৷ এই উপ-স্বাস্থ্যকেন্দ্ৰসমূহৰ অধীনৰ সৰ্বমুঠ ১৫৭১৪ টা শিশু, কিশোৰ-কিশোৰীক এই টীকা প্ৰদান কৰাৰ কাম আৰম্ভ কৰিছে সংশ্লিষ্ট দায়িত্বপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীয়ে৷

উল্লেখ্য যে, বিভিন্ন বিদ্যালয়ত স্ব-ইচ্ছাই ছাত্ৰ-ছাত্ৰীয়ে এই বিনামূলীয়া টিকা গ্ৰহণ কৰাৰ বিপৰীতে সংখ্যালঘূ বসতিপ্ৰধান এলেকাৰ বিদ্যালয়সমূহত অভিভাৱকে নিজৰ লৰা-ছোৱালীক এই টিকাকৰণ কাৰ্যসূচীত সহযোগ কৰাৰ পৰা বিৰত ৰখাৰ বাতৰি পোৱা গৈছে৷ বটদ্ৰৱাৰ বৃহত্তৰ এলেকাত এই অভিযান ২০ ছেপ্তেম্বৰ পৰ্যন্ত চলি থাকিব বুলি কাৰ্যসূচীৰ তত্বাবধায়ক তথা এ বি পি এম ধ্ৰুৱজ্যোতি শৰ্মাই জানিবলৈ দিছে৷