অসম

ভূটানৰ সেনাৰ গাড়ীৰ খুন্দাত ৰঙিয়াত থিতাতে নিহত এজন

asomiyapratidin

ডিজিটেল সংবাদ, তুলসীবাৰীঃ ৰঙিয়াত ভূটান ৰয়েল আৰ্মীৰ গাড়ীৰ খুন্দাত আজি এজন লোকে অকাল মৃত্যুক সাবটি লয়। নিহত লোকজন কমলপুৰ থানাৰ অন্তৰ্গত আঠগাঁওৰ নবীন দাস বুলি চিনাক্ত কৰা হৈছে।

ভাৰত-ভূটান সীমান্ত আন্ত:ৰাষ্ট্ৰীয় পথৰ ৰঙিয়া নগৰৰ বিষ্ণু মন্দিৰৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাতো। বৃহস্পতিবাৰে কনিষ্ঠ ভাতৃৰ বাইকত কামৰ বাবে ৰঙিয়ালৈ আহিছিল লোকজন।

প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিয়া মতে ৰঙিয়া-ভূটান পথৰ বিষ্ণু মন্দিৰৰ সমীপত তিনিআলি অভিমুখী বাইক আৰোহীৰ এজন পৰি যোৱাত পিছে পিছে আহি থকা ভূটান ৰয়েল আৰ্মীৰ গাড়ীখনে খুন্দা মৰাত লোকজন গুৰুতৰভাবে আহত হয়।

আহত লোকজনক লগে লগে ৰঙিয়া সিন্ধিনাথ শৰ্মা প্ৰাথমিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। প্ৰণিধানযোগ্য যে ৰঙিয়াত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গাড়ীয়ে সংঘটিত কৰা দুৰ্ঘটনাৰ সংখ্যা মাত্ৰাধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে।