অসম

পাকিস্তান মূৰ্দাবাদ ধ্বনিৰে উত্তাল ৰৌতা

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে উত্তাল হ'ল ওৰাঙৰ ৰৌতা। সোমবাৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনে ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আৰু জেইছ-ই-মহম্মদৰ নেতা মাছুদ আজাৰৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে ভাৰতৰ জাতীয় পতাকা লৈ পাকিস্তান মুৰ্দাবাদ, পাকিস্তান গ' বেক, ইমৰান খান গ' বেক, হিন্দুস্থান জিন্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ৰৌতাৰ ৰাজপথ।

ওদালগুৰি জিলা বঙালী ফেডাৰেছনৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিবাদী সমদল। এই প্ৰতিবাদী কায্যসূচীত অংশগ্ৰহন কৰে দুই শতাধিক ৰাইজে।