অসম

ৰৌতাৰ সিধাখোৱাত গছৰ মূড়া খান্দোতে উদ্ধাৰ পৌৰাণিক মেডেল… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা গাঁৱত উদ্ধাৰ হ'ল পৌৰাণিক মেডেল। গাঁওখনৰ বাসিন্দা শুকুৰ আলীৰ পুত্ৰ সুৰুজ আলীৰ নিজ বাসগৃহত উদ্ধাৰ হৈছে এই পৌৰাণিক মেডেলসমূহ। সুৰুজ আলীৰ ঘৰৰ চোতালত থকা পুৰণি গছৰ মূড়া এটা তেওঁ উভালিবলৈ চেষ্টা কৰি থাকোতেই মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছে ২৪ টাকৈ পৌৰাণিক মেডেল।

মেডেল কেইটা উদ্ধাৰৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে কৌতুহলৰ। বিভিন্ন জনে মেডেলসমূহ চাবলৈ ভিৰ কৰে লোকজনৰ বাসগৃহত। উক্ত মেডেলবোৰৰ বিষয়ে কোনেও সঠিকভাৱে ক'ব পৰা নাই যদিও মেডেলবোৰত 'General Service of India, Naga Hills ,Long Service, Sangram' আদি লিখা প্ৰত্যক্ষ কৰি বহুতে এই মেডেলবোৰ সৈন্যবাহিনীয়ে ব্যৱহাৰ কৰা বুলি সন্দেহ ব্যক্ত কৰিছে।

তাৰ পিছত সুৰুজ আলীয়ে উদ্ধাৰ হোৱা সন্দেহযুক্ত মেডেলৰ বিষয়ে ৰৌতা আৰক্ষী থানাত খবৰ দিয়াত ৰৌতা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মেডেলসমূহ উদ্ধাৰ কৰি থানালৈ লৈ আহে। আৰক্ষীয়ে সন্দেহযুক্ত মেডেল কেইটা বৃহস্পতিবাৰে পুৰাতত্ব বিভাগক গতাই দিব বুলি সাংবাদিকক জানিবলৈ দিছে। আনহাতে মেডেল কেইটা কি আৰু উক্ত স্থানৰ মাটিৰ তলত কেনেকৈ আহিলে আৰক্ষী তথা বিভাগীয় কৰ্ত্তৃপক্ষৰ তদন্তৰ পিছতে প্ৰকৃত সত্য পোহৰলৈ আহিব ।