অসম

প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাঙৰ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱত ৰৌতা আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰুৱাই জনোৱা মতে, এক গোপন সূত্ৰৰ পম খেদি আমিনপাৰা গাঁৱৰ নুৰ হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত ৰাতিপুৱা ১০ মান বজাত অভিযান চলায়।

অভিযান কালত নুৰ হুছেইন নামৰ ব্যক্তিজনৰ নিজ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ লগতে নুৰ হুছেইনকো আটক কৰি ৰৌতা আৰক্ষী থানালৈ লৈ আহে। পিছত আৰক্ষীয়ে নিজাববীয়াকৈ ভাৰতীয় দণ্ডবিধি আইনৰ ২০ চি ধাৰাত আৰু ১১৪/১৯ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।