- পুনৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে' সেৱা।
- কোভিডৰ বাবে বিগত ৬ মে' ৰ পৰা বন্ধ আছিল এই সেৱা।
- কোভিড পৰিস্থিতিৰ বাবে ৫০ শতাংশ লোকেৰে আৰম্ভ হয় এই সেৱা।
- যাত্ৰী সকলে পালন কৰিব লাগিব কোভিড বিধি।
- বৃদ্ধি কৰা হৈছে যাত্ৰীৰ ভাড়া।
- পূৰ্বে অহা বা যোৱাৰ বাবে যাত্ৰীৰ ভাড়া আছিল ৬০ টকা, কিন্তু সেই ভাড়া ১০০টকালৈ বৃদ্ধি কৰা হৈছে।
- আনহাতে পূৰ্বে অহা-যোৱাৰ বাবে ১০০ টকা ভাড়াৰ ঠাইত ১৫০ টকালৈ বৃদ্ধি কৰা হৈছে।
- শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বাহাল থাকিব পূৰ্বৰ ভাড়া।
- গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ অৰ্থাৎ জিএমডিএ-য়ে গ্ৰহণ কৰিছে এই ব্যৱস্থা।