ছিকিমৰ দৰে পৰিস্থিতি হ'ব নেকি অসমত? এন এইছ পি চিত খহিল হৰ্ছ ৰেছ টানেলৰ ছাদ...
ছিকিমৰ দৰে পৰিস্থিতি হ'ব নেকি অসমত? এন এইছ পি চিত খহিল হৰ্ছ ৰেছ টানেলৰ ছাদ... 
অসম

ছিকিমৰ দৰে পৰিস্থিতি হ'ব নেকি অসমত? এন এইছ পি চিত খহিল হৰ্ছ ৰেছ টানেলৰ ছাদ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যিকোনো সময়ত ভয়াৱহ বিপদ কঢ়িয়াই আনিব পাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই। প্ৰকল্পটোত মাজে মধ্যে ভূমিস্খলন হৈ এটাৰ পাছত আন এটা বিপদ কঢ়িয়াই অনাৰ ঘটনা পোহৰলৈ আহিছে যদিও প্ৰকল্পটোৰ ভিতৰত সংঘটিত কেতবোৰ ঘটনা এতিয়াও পোহৰলৈ অহা নাই।

তেনে এক ঘটনা সংঘটিত হৈছিল যোৱা ২৬ ছেপ্টেম্বৰত। উক্ত দিনটোত প্ৰকল্পটোৰ ৮ নং হৰ্ছ ৰেছ টানেলৰ ছাদখন হঠাতে খহি পৰিছিল। ফলত গুৰুতৰভাৱে আহত হৈছিল ৪ জনকৈ শ্ৰমিক।

উল্লেখ্য, এই হৰ্ছ টানেলেৰে ৰিজাৰ্ভৰ পৰা পানী পাৱাৰ হাউচলৈ যোগান ধৰা হয়। এই টানলতে সংঘটিত হোৱা ভয়াৱহ ঘটনাক ইমান দিনে গাপ দি আহিছিল এন এইছ পি চি কৰ্তৃপক্ষই। শেহতীয়াকৈ এই ঘটনাৰ দৃশ্য আহি পৰিছে অসমীয়া প্ৰতিদিনৰ হাতত।

উল্লেখ্য যে, বৃহৎ নদীবান্ধৰ ভয়াৱহতা কিমান তাৰ উদাহৰণ শেহতীয়াকৈ ছিকিমত সংঘটিত হোৱা ঘটনাই দাঙি ধৰিছে। ডাৱৰ বিস্ফোৰণৰ ফলত মুহূৰ্ততে তিস্তা জলবিদ্যুৎ প্ৰকল্প ভাঙি যোৱাত ছিকিমত মহাপ্ৰলয়ৰ সূচনা হৈছে।

এই পৰ্যন্ত ১৯ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ ৰো অধিক লোক নিৰুদ্দেশ হৈ আছে। উল্লেখ্য যে, এই ঘটনাত ২৩ গৰাকীকৈ সেনা জোৱানো নিৰুদ্দেশ হৈছিল। তাৰ ভিতৰত ১ গৰাকীক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও ১৬ গৰাকী সেনা জোৱান নিৰুদ্দেশ হৈয়ে আছে।