অসম

পহিলা ব’হাগৰ দিনাই ঢোলে-ডগৰে মুখৰিত মথুৰাপুৰ…

asomiyapratidin

ডিজিটেল সংবাদ,মথুৰাপুৰ : পহিলা ব'হাগৰ দিনাটোতে ঢোল পেঁপা, গগনা মাত মুখৰিত হৈ পৰিলে বৃহত্তৰ মথুৰাপুৰ অঞ্চল ৷ সন্মিলন। পৃৰ্বৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি মথুৰাপুৰত চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্হা উদ্যোগত মথুৰাপুৰবাসী সহযোগ প্ৰতিবছৰ দৰে এইবাৰো মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত দশম বাৰ্ষিক মুকলি বিহুৰ অনুষ্ঠিত কৰিছে ৷

পুৱা বিহুৰ আৰম্ভণিত উদযাপন সমিতিৰ সভাপতি আলিম আহমেদে বিহুৱান উত্তোলন কৰা লগে লগেই দহ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা দহখন বিহুৱান উত্তোলন কৰা হয় ৷ ছাত্ৰনেতা ৰজনী গগৈয়ে শ্বহীদ তৰ্পণ কৰা পিচতেই বৃক্ষৰোপণ কৰে শিক্ষক ৰমা ফুকনে ৷ ইয়াৰ পাছতেই বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ সমাজ জীৱনৰ সৈতে জড়িত দহ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক সম্বর্ধনা আৰু পৰম্পৰাগত জলপানৰে অপ্যায়ন কৰাৰ লগতে তেওঁলোকৰ পৰা সমূহীয়াকৈ আশীৰ্বাদ লয় ।

মুকলি বিহুৰ সৈতে সংগতি ৰাখি ছাত্ৰছাত্ৰী সকলৰ মাজত সাহিত্য প্ৰতিযোগিতা আৰু পৰম্পৰাগতভাৱে কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া বিশিষ্ট সমাজকৰ্মী যুগল বৰগোহাঁইয়ে মুকলি বিহুৰ শুভ উদ্বোধন কৰাৰ পিছতেই মৰণা ছোৱালী হুঁচৰি দলৰ লগতে কেইবাটাও বিহুদলে বিহু প্ৰদৰ্শনৰে মুকলি বিহুৰ সামৰণি পৰে।

উল্লেখ্যোগ্য যে জাতি,জনগোষ্ঠী,ভাষা,ধৰ্ম,বৰ্ণ- নিৰ্বিশেষে সকলোৱে মাজত সমন্বয়,সম্প্ৰতি সদ্ভাৱৰ বান্ধোনডাল আৰু অধিক কটকটীয়া কৰি তোলা উদ্দেশ্য প্ৰতিবছৰে ছাত্ৰ সন্হাই পহিলা ব'হাগৰ দিনটোতে সকলোকে একত্ৰিত কৰি মুকলি বিহু অনুষ্ঠিত কৰি আহিছে ৷