অসম

ৰহা সমবায় সমিতিত ব্যাপক দুৰ্নীতি, প্ৰতিমাহে প্ৰায় ৮২কুইন্টল চাউল হৰলুকিৰ অভিযোগ কৃষক মুক্তিৰ

asomiyapratidin

ডিজিটেল সংবাদ,ৰহাঃ ৰহা সমবায় সমিতিত চলিছে ব্যাপক দুৰ্নীতি ৷ সুলভ মূল্যৰ চাউলৰ নামত সমবায় সমিতিৰ সভাপতি সম্পাদকে চলাইছে ব্যাপক লুন্ঠন ৷ এই অভিযোগ উত্থাপন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰহা আঞ্চলিক সমিতিয়ে ৷

অভিযোগ মতে ৰহা সমবায় সমিতিয়ে প্ৰতিজন গ্ৰাহকে পাবলগীয়া ৫কেজি চাউলৰ পৰিবৰ্তে চাৰে চাৰি কেজি চাউলহে প্ৰদান কৰে ৷ সমবায়খনত আছে প্ৰায় ১৬হাজাৰ গ্ৰাহক ৷ ফলত প্ৰতিমাহে সমবায় সমিতিখনে প্ৰায় ৮২কুইন্টল চাউল  হৰলুকি কৰি আহিছে ৷ ফলত জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকল আৰু এই সম্পৰ্কত নগাঁও জিলা যোগান বিভাগক অভিযোগ দিয়ে ৷

এই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নগাঁও জিলা যোগান পৰিদৰ্শকে বিষয়টো তদন্ত আৰম্ভ কৰে আৰু অভিযোগ সত্য প্ৰমানিত হয় ৷ পিছত যোগান পৰিদৰ্শকে ভৱিষ্যতে এনে দুৰ্নীতি নহ'ব আৰু গ্ৰাহকৰ প্ৰাপ্য চাউল সম্পূৰ্ণ পাব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে এই দুৰ্নীতিৰ সম্পৰ্কত তদন্ত কৰা হ'ব বুলি আশ্বাস দিয়ে ৷