অসম

বিজেপি নেতৃত্বাধীন ৰহা সমষ্টিৰ কচুৱা পঞ্চায়তত নিৰ্বাচনী বিধি উলংঘা কৰি অনুস্থিত কৰিলে গাওঁসভা

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত ৰাজনৈতিক দলবোৰৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। পাচঁ বছৰত পঞ্চায়ত সমূহে কৰিব নোৱাৰা উন্নয়নৰ কাম একে দিনাতে নিৰ্বাচনী বিধি উলংঘা কৰিও কৰিব বিচাৰিছে পঞ্চায়ত সমূহে।

বিজেপি নেতৃত্বাধীন ৰহা সমষ্টিৰ কচুৱাত নিৰ্বাচনী বিধি উলংঘা কৰি অনুষ্ঠিত কৰিলে পঞ্চায়তৰ গাঁও সভা ৷ কচুৱা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই গাঁও সভাত বৃদ্ধ পেঞ্চন, শিশু উন্নয়নকে ধৰি চৰকাৰৰ বিভিন্ন আচঁনিৰ সম্পৰ্কে আলোচনা কৰে এই গাঁও সভাত ৷

পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছতো গ্ৰামোন্নয়ন বিভাগৰ একাংশ বিষয়াৰ মৌখিক অনুমতিত এই গাঁও সভা অনুষ্ঠিত কৰিছে বুলি পঞ্চায়তৰ সচিব অনন্ত বৰাই জানিবলৈ দিয়ে ৷ নিৰ্বাচনী বিধি উলংঘা কৰি সভা অনুস্থিত কৰাৰ কথা অজ্ঞাত প্ৰকাশ কৰিলে পঞ্চায়ত খনৰ সচিব গৰাকীৰ লগতে সভাত কঠিয়াতলী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ মুখ্য সেৱিকা গৰাকীয়ে। ইফালে সভা চলি থকা মাজতে সাংবাদিক উপস্থিত হোৱাত সভা ভংগ কৰে সচিব গৰাকীয়ে।