অসম

হাতত কুঠাৰ লৈ বন বিষয়াৰ কাৰ্যালয়ত চোৰাং কাঠ বেপাৰী, ক’লে- আজিৰ পৰা নাকাটো গছ…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ নগাওঁ সংমণ্ডলৰ অন্তৰ্গত ধৰমতুল ৰেঞ্জত শনিবাৰে ৪ দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীয়ে কৰে আত্মসমৰ্পণ । কাঠ কটা কুঠাৰৰ লগতে বিভিন্ন সামগ্ৰী লৈ ৰেঞ্জাৰ সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পণ কৰে চোৰাং কাঠ বেপাৰী কেইটাই।

দীৰ্ঘ দিনে ধৰমতুল আৰু আমচৈ সংৰক্ষিত বনাঞ্চলত দৌৰত্ম্য চলাই আহিছিল সুশীল পাটৰ, গোবিন্দ্ৰ পাটৰ, শুভম পাটৰ আৰু অমিত টিমুং নামৰ এই চোৰাং বেপাৰী কেইটাই।

কিন্তু ধৰমতুল ৰেঞ্জৰ ৰেঞ্জাৰ সঞ্জীৱ বৰদলৈয়ে চোৰাং বেপাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাত উপায়ন্ত হৈ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় চোৰাং কাঠ বেপাৰী কেইটাই।

চোৰাং বেপাৰী কেইটাই কেইবাখনো কাঠ ফলা কৰত কুঠাৰ আদি জমা দিয়ে। ইয়াৰ আগতেও আন পাঁচটা চোৰাং বেপাৰীয়ে ৰেঞ্জাৰজনৰ ওচৰত আত্মসমৰ্পন কৰিছিল।