অসম

প্ৰথম স্থান লাভ কৰা ৰক্তোৎপলে ক’লে সহায়ক পুথিৰ প্ৰয়োজন নাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমস্থান লাভ কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই অনা ৰক্তোৎপল শইকীয়াই মনৰ ভাৱ ব্যক্ত কৰিছে। ছেণ্টমেৰিজ হাইস্কুলৰ ছাত্ৰ ৰক্তোৎপলে স্থান লাভৰ পিছতে সাংবাদিকৰ আগত কয়- "প্ৰথমতে সকলোকে ধন্যবাদ জনাইছো। স্থান লাভ কৰিম বুলি আশা কৰিছিলো যদিও প্ৰথম হ'ব পাৰিম বুলি ভবা নাছিলো। প্ৰথমতেই ধন্যবাদ জনাব বিচাৰিছো মোৰ স্কুলখনক। স্কুলৰ সকলো শিক্ষক- শিক্ষয়ত্ৰীৰ লগতে সকলোকে ধন্যবাদ জনাইছো। তেওঁলোকৰ আশীৰ্বাদৰ বাবেই এই সফলতা লাভ কৰিলো। ইয়াৰ পিছতে মই ধন্যবাদ জনাইছো মোৰ পিতৃ-মাতৃক। তেওঁলোকে কেতিয়াও মোক হতাশ হ'বলৈ দিয়া নাই। প্ৰতিটো ক্ষেত্ৰতে মোক সহায় কৰি গৈছে। মোৰ টিউচন শিক্ষক আৰু পৰিয়াল, ৰাইজক ধন্যবাদ জনাইছো। তেওঁলোকে লকডাউনৰ সময়ত বিভিন্নধৰণে সহায় কৰিছিল।

আনহাতে তেওঁ পৰীক্ষাৰ পূৰ্বে কিদৰে অধ্যয়ন কৰিছিল সেই বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়- মই নিতৌ নিৰ্দিষ্ট সময় লৈ পঢ়া নাছিলো। প্ৰথমে পঢ়াৰ সময়ৰ ক্ষেত্ৰত ১ ঘণ্টা, ২ ঘণ্টাকৈ বঢ়াই গ'লো। যেতিয়াই মন যায় তেতিয়াই পঢ়ো। মনযোগ বিচ্ছিন্ন হ'লেই পঢ়াৰ টেবুলৰ পৰা উঠি গৈছিলো।

আজৰি সময়ত গান শুনি আৰু ড্ৰয়িং কৰি ভাল পোৱা ৰক্তোৎপলে কয়, পৰীক্ষাত উত্তীৰ্ণৰ বাবে সহায়ক পুথিৰ কোনো প্ৰয়োজন নাই।