২৪ ঘণ্টা নহওতেই দুটাকৈ ডকাইটি কাণ্ডঃ দুজনক আটক...
২৪ ঘণ্টা নহওতেই দুটাকৈ ডকাইটি কাণ্ডঃ দুজনক আটক...  
অসম

২৪ ঘণ্টা নহওতেই দুটাকৈ ডকাইটি কাণ্ডঃ দুজনক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ চুঙাজানত পৃথকে পৃথকে সংঘটিত হোৱা দুটাকৈ ডকাইটি কাণ্ডই আঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ শনিবাৰে মাজনিশা ধনশিৰি মহকুমাৰ চুঙাজান থানাৰ অন্তৰ্গত হলৌগুৰি গাঁৱৰ এজন লোকৰ বাসগৃহত ছয়জনীয়া অস্ত্ৰধাৰী ডকাইটৰ দলে প্ৰৱেশ কৰে।

ভিতৰত সোমাই গৃহস্থক হাতভৰি বান্ধি লুটপাত চলাইছিল ধন আৰু সোণৰ গহণা লুটি লৈ যায়৷ শনিবাৰৰ উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই দেওঁবাৰে নিশা পুনৰ চুঙাজান মৰাজানত হস্তনিৰ্মিত বন্দুক দেখুৱাই পথেৰে যোৱা গাড়ী আগচি ভয়-ভাবুকিৰে লুটপাত চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷

নিশাই চুঙাজান আৰক্ষীয়ে খবৰ পোৱাৰ পিচতেই ডকাইটি কাণ্ডৰ লগত জড়িত দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা ধৃত যুৱক দুজন ৰাজা দাস আৰু জিতু শইকীয়া বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, একেৰাহে দুটা নিশা একেদৰে এনে কাণ্ড সংঘটিত হোৱাত চুঙাজানবাসী আতংকিত হৈ পৰিছে ৷ ইফালে এই পৰ্য্যন্ত প্ৰথমটো ডকাইটি ঘটনাৰ লগত জড়িত এজনকো আৰক্ষীয়ে বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷ সমগ্ৰ ঘটনাটো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।