অসম

বৰপেটাৰোডৰ বালাভিঠাত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, সৰভোগঃ বিজেপি চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰ বিপৰীত ছবি। বৰপেটাৰোড বালাভিঠা এটা ৰাস্তা নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ অধীনস্থ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বালাভিঠা হৈ ৰায়পুৰ গাঁৱলৈ যোৱা ৰাস্তা মেৰামতি কামৰ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ঠিকাদাৰ আৰু অভিযন্তাৰ চৰম গাফিলতিত বালিৰ ওপৰেদি কৰি আছে পথ পকীকৰণৰ মেৰামতি কাম। হাতেৰে টানিলে চপৰা চপৰাকৈ উঠি আহে পকীপথৰ শিলগুটি । কেৱল ধূলিৰ ওপৰে খৰদৰকৈ কৰি আছে পকীকৰণৰ কাম।

এই কাণ্ড দেখি স্থানীয় ৰাইজে ক্ষুন্ন হৈ ন ন অভিযোগ উত্থাপন কৰে যদিও ঠিকাদাৰ আৰু অভিযন্তা ঘটনাস্থলীত উপস্থিত নহয় । বাকী মহুৰি সকলে পলাই পত্ৰং দিয়ে ঘটনাস্থলীৰ পৰা।

গতিকে ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা , গড় কাপ্তানিক মন্ত্ৰী আৰু সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক এই ক্ষেত্রত উচিত তদন্ত কৰি আইনৰ আওতাত আনি দোষীক উচিত শাস্তি দিব লাগে বুলি দাবী জনায়।