অসম

তামুলপুৰৰ দ্বাৰকুছিত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ পথ অৱৰোধ

asomiyapratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু কলিতা উন্নয়ন পৰিষদ গঠনৰ দাবীত বুধবাৰে দিনৰ ১১ বজাত কলিতা ছাত্ৰ সন্থাই এক ঘন্টীয়া ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসুচি ৰূপায়ন কৰে।

কলিতা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সহযোগত আৰু বাক্সা জিলা কলিতা ছাত্ৰ সন্থাৰ উদ্যোগত পথ অৱৰোধকাৰীসকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, আমাক এচ টি লাগিব, কলিতা উন্নয়ন পৰিষদ গঠন কৰক, তেজ আছে যদি কলিতাৰ লোৱাৰ অধিকাৰ আছে, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।