হাজোৰ বৰ্ণিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...
হাজোৰ বৰ্ণিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী... 
অসম

হাজোৰ বৰ্ণিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...

Asomiya Pratidin

ডিজিটেল সংবাদ হাজোঃ হাজোৰ বৰ্ণিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এজন যুৱকে। জানিব পৰা মতে হাজো দিশৰ পৰা মুকালমুৱা আদাবাৰী অভিমুখে AS 01F M2165 নম্বৰ এভেনজাৰ বাইকেৰে আহি থকা অৱস্থাতে বাইক আৰোহী এজনে বৰ্ণি শান্তিপুৰৰ গড়কাপ্তানি পথৰ ওচৰত পথৰ কাষৰ এটা বিদুৎতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে স্থানীয় লোকে ঘটনাস্থলীত ভৰি কৰে আৰু বাইক আৰোহীজনক সংকটজনক অৱস্থাত হাজোস্থিত বিষ্ণু ৰামমেধি প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে চিকিৎসালয়ত চিকিৎসকে আহত বাইক আৰোহীজনৰ ইতিমধ্যে মৃত্যু হৈছে বুলি ঘোষণা কৰে।

এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকজনক অশোক দাস বুলি চিনাক্ত কৰা হৈছে। অশোক দাসৰ ঘৰ নলবাৰী জিলাৰ বৰশালাত।